khagee leihaokhagori

Khagen Mahanta (English) [ IPA: khagen mahanta ASM: খগেন মহন্ত]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-12
1. PersonalitiesMusic(Proper Noun-Masculine) Khagen Mahanta is a singer from Assam, better known for his renditions of Assamese folk and classical songs. Born to a xotradhikar, Mahanta started learning xotriya music from the age of seven. As a youngster he also learned to play the tabla. His journey as a popular singer began after he came in contact with Rudra Barua and Keshav Mahanta. His rendition of the song kolore patote kauri pore written by Keshav Mahanta and composed by Rudra Barua catapulted his singing career in 1957.
In 1965 Mahanta performed in the Royal Hall at Kathmandu, Nepal. His performance, including two Nepali folk songs earned him accolades from the King Mahendra. On the same occasion famous Nepali singer Dharma Raj Thapa took off his Nepali cap and placed it on Mahanta's head. Similar headdresses have since adorned his head.
Mahanta has rendered his voice in hundreds of Assamese modern, folk and classical songs along with his wife Archana Mahanta. খগেন মহন্ত এগৰাকী অসমীয়া গায়ক, সুৰকাৰ, অভিনেতা তথা কথাছবি পৰিচালক| তেখেত অসমীয়া লোক-সঙ্গীত আৰু বৰগীতৰ গায়ক হিচাবে বেছি প্ৰখ্যাত| ১৯৪২ চনত এটা সত্ৰীয়া পৰিয়ালত জন্ম হোৱা মহন্ত ডাঙৰীয়াৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ গোস্বামী আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া দেৱী|
তেখেতে সাত বছৰ বয়সৰ পৰাই সত্ৰীয়া সঙ্গীতৰ শিক্ষা আৰম্ভ কৰি অতি কম বয়সতে তবলাতো দক্ষতা অৰ্জন কৰিছিল| ৰূদ্ৰ বৰুৱা আৰু কেশৱ মহন্তৰ সান্নিধ্যলৈ অহাৰ পৰা গায়ক হিচাবে তেখেতৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয়| কেশৱ মহন্ত ৰচিত আৰু ৰূদ্ৰ বৰুৱাৰ সুৰাৰোপিত ‘কলৰে পাততে কাউৰী পৰে’ নামৰ গীতটিয়ে ১৯৫৭ চনত গায়ক হিচাবে তেখেতক বিখ্যাত কৰি তোলে| ১৯৫৮ চনত তেখেতে শ্বিলঙৰ ফাইন আৰ্টছ ছেন্টাৰৰ সভ্য হয়| ১৯৫৯ চনত তেখেতে মহীশূৰত সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় সমাৰোহত পৰম্পৰাগত লোকবাদ্য শ্ৰেণীত খোল বাদন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে| ১৯৬০ৰ ভাষা আন্দোলনৰ সময়ছোৱাত তেখেতে বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ স’তে সুৰ বাহিনীৰ জৰিয়তে সমগ্ৰ অসমতে শান্তিৰ বাবে গোহাৰি জনাই গীত পৰিবেশন কৰে| অসমৰ্থিত সূত্ৰৰ মতে তেখেতে বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘পৰজনমৰ শুভ লগনত’ নামৰ গীতটিত সুৰৰোপ কৰিছিল| ১৯৬১ চনত তেখেতৰ প্ৰথম গ্ৰাম’ফ’ন ৰেকৰ্ড ওলায়|
১৯৬৫ চনত তেখেতে নেপালৰ কাঠমান্ডুৰ ৰয়েল হলত গীত পৰিবেশন কৰে| আন গীতৰ লগতে তেখেতে গোৱা দুটি নেপালী লোকগীতে ৰজা মহেন্দ্ৰৰ প্ৰশংসা অৰ্জন কৰে| সেই একেই অনুষ্ঠানতে বিখ্যাত নেপালী গায়ক ধৰ্ম্মৰাজ থাপাই নিজৰ নেপালী টুপীটো মহন্ত ডাঙৰীয়াৰ মূৰত পিন্ধাই দিয়ে| তেনেধৰণৰ নেপালী টুপী আজিও তেখেতৰ পৰিচয়বাহক|
পত্নী অৰ্চনা মহন্তৰ স’তে মহন্ত ডাঙৰীয়াই কেইবাশও অসমীয়া আধুনিক, লোকগীত আৰু বৰগীত গাইছে| বিহুগীতক নিভাঁজ ৰূপত পৰিবেশন কৰাৰ বাবে তেখেতক বিহুসম্ৰাট আখ্যা দিয়া হয়|
তেখেতে 'নিশি উজাগৰ' আৰু 'যুঁজ' নামৰ দুখন চলচিত্ৰ পৰিচালনা কৰে| 'যুঁজ' নামৰ কথাছবিখনে ১৯৯০ চনত ৰজত কমল বঁটা অৰ্জন কৰে| 'মইনাজান', 'মেঘমুক্তি', 'নিশি উজাগৰ' আৰু 'যুঁজ' নামৰ কথাছবিকেইখনত তেখেতে সঙ্গীত পৰিচালনা কৰে| ইয়াৰোপৰি ১৯৬১ চনত শকুন্তলা নামৰ কথাছবিখনত তেখেতে অভিনয় কৰে|
১৯৯২ চনত তেখেতক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়|

'কাউৰী পৰে...' গীতটি শুনিবলৈ তলত ক্লিক্ কৰকঃ
Get this widget | Track details | eSnips Social DNA